উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পুনৰ অঘটন। মহাকুম্ভ মেলাতে পুনৰ মৃত্যু ভক্তৰ। ১০জন ভক্তই কৰুণ মৃত্যুক সাৱটে। মৌনী অমাৱস্যাত গা ধুবলৈ ত্ৰিবেণী সংগমত বাঢ়িছিল লাখ লাখ ভক্তৰ ভিৰ। ভিৰৰ মাজতে আহত হৈছে বহু শিশু মহিলা। ভক্তৰ ভিৰৰ মাজতে পদপিষ্ট হৈ মৃত্যু ১০ জনতকৈও অধিক ভক্তৰ। পূৰ্বেও ত্ৰিবেণী সঙ্গমত গা ধুবলৈ গৈ মৃত্যু হৈছিল ৪জন লোকৰ। উল্লেখ্য় যে ভক্তৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ মহাকুম্ভ মেলাত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী। তাৰ মাজতো মহাকুম্ভ মেলাত সংঘটিত ইটোৰ পিছত সিটোকৈ ঘটনা।