বিখ্যাত পৰিৱেশবিদ যাদৱ পায়েঙৰ মোলাই কাঠনি সৈতে জড়িত পুনৰ বনানীকৰণ স্থানত দুৰ্বৃত্তৰ অগ্নিসংযোগৰ ফলত কিছু অংশ ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ উঠিছে। এই ঘটনাই ‘অৰণ্য মানৱ’ৰ ব্ৰহ্মপুত্ৰৰ পাৰ সংৰক্ষণ প্ৰচেষ্টাৰ সুৰক্ষাৰ ওপৰতো উদ্বেগ প্ৰকাশ কৰিছে।

যোৱা দুবছৰ ধৰি বালিচৰত বনানীকৰণৰ কাম চলি থকা নতুনকৈ গঢ়া স্থানত দেওবাৰে (২৮ ডিচেম্বৰ) বিয়লি অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। অচিনাক্ত দুষ্কৃতিকাৰীয়ে ঠাইখনৰ কিছু অংশত জুই লগাই সৰু গছপুলিৰ ক্ষতিসাধন কৰিছে।
বিষয়াসকলে জনোৱা মতে, কিমান লোকচানৰ হৈছে সেয়া এতিয়াও আনুষ্ঠানিকভাৱে মূল্যায়ন কৰা হোৱা নাই আৰু এই কাণ্ডৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই।
ব্ৰহ্মপুত্ৰৰ এটা চৰ অঞ্চলত খহনীয়া প্ৰৱণ নদী বালিচৰত সেউজীয়া আৱৰণ পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে মোলাই কাঠনি ২.০ নিৰ্মাণ কৰা হৈছিল। ২০২২ চনত যাদৱ পায়েঙৰ কন্যা মুনমী পায়েঙৰ নেতৃত্বত প্ৰায় ৭০ জন স্বেচ্ছাসেৱকৰ দলে বাগিচাৰ কাম আৰম্ভ কৰে। বালিচৰতো অক্ষুন্ন ৰাখিবলৈ আৰু অৱক্ষয়ী ভূ-প্ৰকৃতি পুনৰ গঢ়ি তুলিবলৈ শ শ গছপুলি ৰোপণ কৰা হৈছিল।
বিশেষকৈ মাজুলী নদী দ্বীপৰ আশে-পাশে ভয়াৱহ খহনীয়াৰ সন্মুখীন হোৱা দুৰ্বল নদীৰ পাৰৰ অঞ্চলসমূহত বনাঞ্চল সম্প্ৰসাৰণৰ বাবে কাম কৰি আহিছে মুনমি পায়েঙে। তেওঁৰ কামে পৰিৱেশগত স্থিতিস্থাপকতা শক্তিশালী কৰিবলৈ স্থানীয় জনগোষ্ঠী আৰু খিলঞ্জীয়া গোটৰ সহযোগত থলুৱা, বান প্ৰতিৰোধী গছ ৰোপণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
এই অগ্নিসংযোগ কাণ্ডই পৰিৱেশবিদ আৰু স্থানীয় বাসিন্দাসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। তেওঁলোকে আশংকা কৰিছে যে এনে কাৰ্য্যই ব্ৰহ্মপুত্ৰৰ ভগ্নপ্ৰায় পৰিৱেশ তন্ত্ৰৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ পদক্ষেপক ক্ষতিগ্ৰস্ত কৰিব পাৰে।
মোলাই কাঠনি প্ৰকল্পৰ সমৰ্থক তথা অনুৰাগীসকলে বনাঞ্চলসমূহৰ অধিক