Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

চলিত পেৰিছ অলিম্পিকত ইতিহাস ৰচিলে মনু ভাকেৰে । বিগত দেওবাৰে ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰা মনু ভাকেৰে আজি সৰৱজোৎ সিঙৰ সৈতে যুটী বান্ধি ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ জৰিয়তে চলিত অলিম্পিকত একেটা শাখাত দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈৰ কৃতিত্ব লভিলে ভাৰতৰ মনু ভাকেৰে।

মনু ভাকেৰৰ এই সফলতাত ইতিমধ্যে তেওঁৰ শুভাকাংক্ষীসকলে অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সামাজিক মাধ্যমযোগে মনু ভাকেৰ আৰু সৰৱজোৎ সিঙক তেওঁলোকৰ সফলতাৰ বাবে অভিনন্দন জনাইছে। দেশৰ অন্যান্য ৰাজনীতিকেও খেলুৱৈ দুগৰাকীক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, পেৰিছ অলিম্পিকত এই সফলতাৰ জৰিয়তে মনু ভাকেৰে এক বিৰল কৃতিত্ব অৰ্জন কৰিলে। আজিৰ সফলতাৰ পাছত মনু ভাকেৰ হৈছে দেশৰ হৈ এখন প্ৰতিযোগিতাত দুটাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ। ইয়াৰ পূৰ্বে ১৯০০ চনত পেৰিছতে অনুষ্ঠিত হোৱা অলিম্পিক খেলত এথলেটিকছত নৰ্মান প্ৰিটচাৰ্ডে দুটাকৈ পদক লাভ কৰিছিল।

টকিঅ’ অলিম্পিকত বিফল হোৱা মনু ভাকেৰ এইবাৰৰ পেৰিছ অলিম্পিকত পোৱা সফলতাৰ পাছত উৎফুল্লিত হৈ পৰা দেখা গৈছে।

Wordpress Social Share Plugin powered by Ultimatelysocial