সমাগত ২০২৬। সকলোৱে এতিয়া নতুন বছৰক আদৰাৰ বাবে ব্যস্ত। ইয়াৰ মাজতে একাংশৰ পৰিকল্পনা বনভোজলৈ স্থলীলৈ যোৱাৰ। কিন্তু পিকনিকলৈ বা ফূৰ্তি কৰিবলৈ যোৱাৰ সময়ত মনত ৰাখিব লাগিব যান-বাহন আইনৰ কথা। নহ’লে আপোনাৰ এটা মাত্ৰ ভূলে মাতিব পাৰে বিপদ। ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। বাতিল হ’ব পাৰে চালকৰ লাইচেঞ্চ। আইন ভংগকাৰী বনভোজকাৰী দলক পৰিবহণ বিভাগৰ তৰফৰ পৰা দিয়া হৈছে সতৰ্কবাণী। সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান পৰিবহণ বিভাগৰ তৰফৰ পৰা। গতিকে ৰাজপথত আপোনাৰ বাহনখন উলিওৱাৰ পূৰ্বে মনত ৰাখিব লাগিব পৰিবহণ বিভাগৰ কিছুমান বিশেষ নীতি নিয়ম।

বনভোজলৈ যোৱা বাহনসমূহৰ চালকসকলে বাহন চলোৱাৰ পূৰ্বে কোনো ধৰণৰ মাদকদ্ৰব্য সেৱন কৰিব নোৱাৰিব। বিশেষকৈ যিসকলে সুৰা পান কৰি গাড়ী মটৰ চলাই তেওঁলোকৰ ওপৰত প্ৰশাসনে ৰাখিব চোকা দৃষ্টি।
যিহেতু ৰাজ্য কপাঁই তুলিছে ভয়ংকৰ পথ দুৰ্ঘটনাই গতিকে সুৰা পান কৰি চলাব নোৱাৰিব যান বাহন সেইবাবে অধিক সতৰ্ক হৈ পৰিছে প্ৰশাসন আৰু যাৰ বাবে সুৰাপায়ী চালকৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব প্ৰশাসনে। তদুপৰি কোনেও যাতে লাউস্পীকাৰত মিউজিক বজাই প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নকৰে তাৰ বাবেও আহ্বান জনোৱা হৈছে। ৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই আহ্বান পৰিবহণ বিভাগৰ।