Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

পেহলগামৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই লস্কৰৰ ছাইফুল্লাই। জম্মু-কাশ্মীৰৰ পেহলগামত হোৱা নৰসংহাৰত এতিয়ালৈকে ২৮ জন লোকৰ মৃত্যু হৈছে। এই ভয়ংকৰ ঘটনাত আহত বহুতো লোক। এই দায়িত্বৰ কথা স্বীকাৰ কৰিছে টি আৰ এফে। চোৰাংচোৱাৰ মতে টি আৰ এফে এই ঘটনা সংঘটিত কৰিছিল যদিও ঘটনাৰ মূল মাষ্টাৰমাইণ্ড ছাইফুল্লাহ। সমগ্ৰ আক্ৰমণৰ ঘটনাৰ পৰিকল্পনা পাকিস্তানৰ পৰা কৰিছিল ছাইফুল্লাহে। তেওঁ নিৰ্দেশত মঙলবাৰে পেহলগামৰ বৈছাৰণ উপত্যকাত পাঁচ-ছয় উগ্ৰপন্থীয়ে নিৰ্বিচাৰে গুলীচালনা কৰিছিল তাত থকা পৰ্যটকসকলৰ ওপৰত। কিন্তু আক্ৰমণৰ দায়িত্ব অস্বীকাৰ কৰিছে ছাইফুল্লাহ খালিদে। ছাইফুল্লাহৰ মতে এইবোৰ সকলো ভাৰতীয়ৰ নাটক। পেহলগাম সংঘটিত হোৱা ঘটনাৰ সৈতে ছাইফুল্লাহৰ কোনো সম্পৰ্ক নাই। সামাজিক মাধ্যমত এক ভিডিঅ’ প্ৰচাৰ হৈছে য’ত ছাইফুল্লাহে কৈছে ভাৰতে নিজেই আক্ৰমণ সংঘটিত কৰিছিল।

Wordpress Social Share Plugin powered by Ultimatelysocial