এটা খবৰক লৈ ৰাজ্যৰ ৰাজনীতিত তীব্ৰ আলোড়ন।নিৰ্বাচনী ব্যয়ৰ বাবে অসম কংগ্ৰেছক ১০০ কোটি টকাৰ আৰ্থিক অনুদান।কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ১০০ কোটিৰ অনুদান দিব বুলি চৰ্চা।কংগ্ৰেছক আৰ্থিক কৰাৰ বিনিময়ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদ লাগে ডি কে শিৱকুমাৰক।ৰাজ্যৰ ৰাজনীতিত বিস্ফোৰক খবৰ। নিৰ্বাচনী ব্যয়ৰ বাবে অসম কংগ্ৰেছক ১০০ কোটি টকা দিব লৈ সন্মতি প্ৰকাশ কৰিছে অসম কংগ্ৰেছৰ পৰ্যবেক্ষক তথা কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰে। কিন্তু এই আৰ্থিক সহায়ৰ বিনিময়ত তেওঁ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদ লাভৰ ক্ষেত্ৰত অসমৰ কংগ্ৰেছী নেতাসকলৰ সমৰ্থন বিচাৰিছে বুলি দাবী কৰিছে। উল্লেখযোগ্য যে, বুধবাৰে অসমত ডিকে শিৱকুমাৰ উপস্থিত হোৱাৰ পিছতে নিৰ্বাচনী ব্যয়ৰ বাবে আৰ্থিক অনুদান বিচৰা খবৰ ৰাজনৈতিক মহলত বিয়পি পৰে। অসম কংগ্ৰেছৰ ভিতৰত সংগঠন গত বিসম্বাদ আৰু গোট-দ্বন্দ্বৰ সমাধানৰ বাবে তেওঁ আলোচনাত অংশ ল’বলৈ অসমলৈ আহিছিল। এই সময়তে অসম কংগ্ৰেছৰ নেতাই নিৰ্বাচনী ব্যয়ৰ বাবে আৰ্থিক সহায় বিচাৰি অনুৰোধ জনায়। ইতিমধ্যে কৰ্ণাটকতো ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পাইছে। শিৱকুমাৰে অসমলৈ অহাৰ থিক পাছতেই কৰ্ণাটকৰ ছিদ্দামাৰিয়াৰ পক্ষৰ ২০গৰাকী বিধায়কে উৰা মাৰে অষ্ট্ৰেলিয়ালৈ। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এই দুয়োটা ঘটনাৰ মাজত সম্ভাৱ্য সংযোগ আছে নেকি বুলিও প্ৰশ্ন ?