Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

উদ্বেগজনক ভাৱে কমিবলৈ আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাসে প্ৰভাৱ পেলাইছে আন্তঃৰাষ্ট্ৰীয় ব্যাৱসায়ত । ধুবুৰীৰ পৰা বাংলাদেশলৈ চলি থকা জাহাজ চলাচলত সৃষ্টি হৈছে সমস্যাৰ । বন্ধ হৈ পৰিছে ধুবুৰীৰ পৰা বাংলাদেশলৈ চলি থকা মালবাহী জাহাজ । আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক চুক্তি অনুসৰি বাংলাদেশলৈ ৰপ্তানি কৰা হৈছিল শিল আৰু কয়লা । সমান্তৰাল ভাৱে বাংলাদেশৰ পৰা প্লাষ্টিকৰ আচবাব , কাপোৰৰ লগতে আমদানি কৰা হৈছিল বিভিন্ন সামগ্ৰী । জলস্তৰ হ্ৰাসৰ ফলত জাহাজ চলাচলত বাধাৰ সৃষ্টি হোৱাত বন্ধ হৈ পৰিছে বাংলাদেশৰ সৈতে ব্যাৱসায় । নষ্ট হ’বলৈ ধৰিছে কয়লা।

Wordpress Social Share Plugin powered by Ultimatelysocial