এটা সপোন পূৰণ হ’ব দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ
পুনৰ নিৰ্মাণ কৰা হ’ব বাবৰি মছজিদ
ইছলাম ধৰ্মাৱলম্বী লোকৰ আবেগ, ইতিহাস বাবৰি মছজিদ। ১৫২৮ খৃষ্টাব্দত ৰজা বাবৰৰ শাসনকালত মোগল সেনাপতি মিৰ বাকীয়ে নিৰ্মাণ কৰিছিল বাবৰি মছজিদ। ১৮৫৩ চনত হিন্দু পন্থাৰ বাবৰি মছজিদৰ ঠাইত ৰামচন্দ্ৰৰ মন্দিৰ থকাৰ দাবী, ১৮৫৯ চনত এটা স্থানক দুভাগ কৰি ভিতৰত নামাজ আৰু বাহিৰৰ চোতালত পূজা কৰিবলৈ দিয়া হৈছিল অনুমতি। অৱশেষত ১৯৪৯ চনত বাবৰি মছজিদৰ ভুমি ‘বিবাদিত সম্পত্তি’ত পৰিণত হয়। আৰু এক দীঘলীয়া পৰিক্ৰমা, বাদ-বিবাদৰ অন্তত ২০২৪ চনৰ ২২ জানুৱাৰীত অৱশেষত অয্যোধাত নিৰ্মাণ কৰা হয় ৰাম মন্দিৰ। কিন্তু ৰাম মন্দিৰ নিৰ্মাণৰ দৰে দেশত পুনৰ নিৰ্মাণ কৰা হ’ব বাবৰি মছজিদ
‘দেশৰ লাখ লাখ মুছলমানে নিৰ্মাণ কৰিব বাবৰি মছজিদ’
‘ধন সংগ্ৰহ কৰি এইখন ভাৰততে মুছলমানে নিৰ্মাণ কৰিব বাবৰি মছজিদ’
TMCৰ বিধায়ক হুমায়ূন কবীৰৰ এই মন্তব্যই এতিয়া তোলপাৰ লগাইছে বিভিন্ন মহলত
বিধায়ক হুমায়ূন কবীৰে এখন ৰাজহুৱা সভাত স্পষ্টকৈ এই মন্তব্য কৰে l
‘মছজিদ নিৰ্মাণত বাধা দিব নোৱাৰে কোনো’
‘বাবৰৰ নামত পুনৰ নিৰ্মাণ কৰা হ’ব মছজিদ’
কেৱল মছজিদ নিৰ্মাণে নহয়, ক’ত কেতিয়া কেনেকৈ মছজিদ নিৰ্মাণ কৰা হ’ব সেইয়াও স্পষ্ট কৰিলে
TMCৰ বিধায়ক হুমায়ূন কবীৰে
পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ কৰা হ’ব বাবৰি মছজিদ
২০২৫ চনৰ ৬ ডিচেম্বৰত ভেটি স্থাপন কৰা হ’ব মছজিদৰ
TMCৰ বিধায়কগৰাকীৰ এই মন্তব্যই বৰ্তমান দেশৰ লাখ লাখ মুছলমানৰ মাজত একপ্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছে। শীঘ্ৰে বাবৰি মছজিদ নিৰ্মাণৰ বাবে গঠন কৰা হব ট্ৰাষ্ট।
বাবৰি মছজিদ নিৰ্মাণে পুনৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ মুখত হাহি বিৰিঙাব যদিও.. লক্ষণিয় হব যিমান সহজভাৱে TMCৰ বিধায়কগৰাকীয়ে এই মছজিদ নিৰ্মাণৰ পোষকতা কৰিছে সিমান সহজ হব নে দেশত বাবৰি মছজিদ নিৰ্মাণ কৰা..