Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

২০২৬ৰ আজি প্ৰথমটো দিন। আজিৰ পৰা আৰম্ভ হৈছে নৱবৰ্ষ। আকৌ এটি নতুন বছৰে আঁকোৱালি ল’লে সকলোকে। নতুন বছৰে নিজৰ লগত লৈ আহে নতুন আৰম্ভণি, নতুন আশা আৰু নতুন সপোন ৷ নৱবৰ্ষ উপলক্ষে দেশবাসীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। নতুন বছৰে যাতে সকলোৰে জীৱনলৈ সুখ কঢ়িয়াই আনে তাৰ কামনা কৰি বছৰৰ প্ৰথমটো পুৱাই এক্সত পোষ্ট কৰি দেশবাসীক ২০২৬ চনৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত লিখিছে, “সকলোকে ২০২৬ চনৰ শুভেচ্ছা জনাইছো! আগন্তুক বছৰটোৱে আপোনালোকৰ বাবে সুস্বাস্থ্য আৰু সমৃদ্ধি, আপোনালোকৰ প্ৰচেষ্টাত সফলতা, আৰু আপোনালোকৰ সকলো কামতে পূৰ্ণতা কঢ়িয়াই আনক। আমাৰ সমাজত শান্তি আৰু সুখৰ বাবে প্ৰাৰ্থনা কৰিছো।”

Wordpress Social Share Plugin powered by Ultimatelysocial