দেওবাৰে পুৱা আৰম্ভ হয় পুৰীৰ জগন্নাথ মন্দিৰৰ বিখ্যাত ৰথযাত্ৰা। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শনিবাৰেই ওড়িশাত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। এই ৪ দিনীয়া ওড়িশা ভ্ৰমণত দেওবাৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে পুৰীত থাকিব। ৰথযাত্ৰাত নিৰাপত্তাৰ বাবে চিআৰপিএফ আৰু এছঅ’জি গ্ৰুপ আদিও নিয়োগ কৰা হৈছে। পুৰীৰ জগন্নাথ, বলৰাম, সুভদ্ৰাৰ ৰথৰ চাৰিওফালে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ডি তোলা হৈছে। যাতে কোনেও ৰথ স্পৰ্শ কৰিব নোৱাৰে সেই বিষয়ত অধিক সতৰ্কতা অৱসম্বন কৰা হৈছে।
জৰুৰীকালীন পৰিস্থিতিত এম্বুলেন্সৰ চলাচলৰ বাবে ‘সেউজ কৰিড’ৰ’ৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু এসময়ত ওড়িশাৰ ৰায়ৰাংপুৰৰ বিজেপি বিধায়িকা আছিল। বিজেডি-বিজেপি মিত্ৰজোঁটৰ চৰকাৰতো তেওঁ মন্ত্ৰী আছিল। সেই সময়ত তেওঁ প্ৰায়ে জগন্নাথ মন্দিৰলৈ গৈছিল। ২০২২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছতো দ্ৰৌপদী মুৰ্মুৱে পুৰী মন্দিৰ পৰিদৰ্শন কৰিছিল। এইবাৰ ৰাষ্ট্ৰপতিয়ে পুৰীৰ ৰথ যাত্ৰাত যোগদান কৰিবলৈ আহিছে।
ৰথযাত্ৰাত ভিৰ নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা হৈছে। বিশেষকৈ হাছৰাছৰ পদপিষ্টৰ ঘটনাৰ পিঠত অধিক সতৰ্ক হৈছে নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকল। ওড়িশা আৰক্ষীৰ এডিজি (আইন শৃংখলা) সঞ্জয় কুমাৰ পুৰীৰ ৰথ যাত্ৰাৰ সামগ্ৰিক নিৰাপত্তাৰ দায়িত্বত আছে। সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় , “ৰথযাত্ৰাৰ সময়ত ৰাষ্ট্ৰপতি উপস্থিত থাকিব। তেওঁৰ লগতে আনসকলো ভক্তৰে নিৰাপত্তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।” সঞ্জীৱ কুমাৰে কয়, এইবাৰ প্ৰথমবাৰৰ বাবে সুৰক্ষা ব্যৱস্থাত এআই প্ৰযুক্তিৰ কেমেৰা আৰু ড্ৰ’ন ব্যৱহাৰ কৰা হৈছে। ইয়াৰ দ্বাৰা ভক্তসকলৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ, ট্ৰেফিক নিয়ন্ত্ৰণ আৰু সঠিক সময়ত সঠিক তথ্য লাভ কৰিব পৰা যাব।