দেশৰ বহু ঠাইত বৰষুণৰ বতৰ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিল্লী, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু অসমৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। সপ্তাহৰ শেষত ৰাজধানীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত বৰষুণ হ’ব।
উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত অ’ৰেঞ্জ সতৰ্কবাণী জাৰি কৰা হৈছে। আনহাতে পশ্চিম বংগ, বিহাৰ আৰু ছিকিমতো অ’ৰেঞ্জ সতৰ্কবাণী জাৰি কৰা হৈছে। ইয়াৰ লগতে অসমত বান পৰিস্থিতি যথেষ্ট অস্থিৰ হৈ পৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অসমৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে। মুঠ ৩০ খন জিলা এতিয়া পানীৰ তলত আছে। ইতিমধ্যে, অসমত বহু জীৱ-জন্তুৰ মৃত্যু হৈছে। আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানৰ কৱলত পৰিছে৷ ৰাজ্যৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাৰ ভিতৰত ধুবুৰীত ৭,৭৫,৭২১, দৰঙত ১,৮৬,১০৮, কাছাৰত ১,৭৫,২৩১, বৰপেটাত ১,৩৯,৩৯৯ আৰু মৰিগাঁওত ১,৪৬,০৪৫ লোক ক্ষতিগ্ৰস্ত হৈছে।
মুঠতে ৪৭,১০৩ জন বানাক্ৰান্ত লোকে ৬১২ টা শিবিৰত আশ্ৰয় লোৱাৰ বিপৰীতে আন শিবিৰত থকা ৪,১৮,৬১৪ জন লোকক সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে। আনহাতে, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য আৰু ডিব্ৰুগড় এই তিনিখন জিলাৰ নগৰ অঞ্চলো বানপানীৰ কবলত পৰিছে। বাতৰি অনুসৰি, নিমাতীঘাট, গুৱাহাটী, গোৱালপাৰা আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদৰ সীমাৰ ওপৰেৰে বৈ আছে ।