দৈনন্দিন জীৱনত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ। একাংশই যদি এই ছ’চিয়েল মিডিয়াৰ পৰা উপকৃত হৈছে আন একাংশ আৰু বিপথে যোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ কিশোৰ কিশোৰীসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিশেষভাৱে ক্ষতি কৰা দেখিবলৈ পোৱা গৈছে এই ছ’চিয়েল মিডিয়াই। যাৰ বাবে ফেচবুক-ইনষ্টাগ্ৰাম চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। ১ জানুৱাৰীৰ পৰা বলবৎ কৰা হ’ব নতুন নিয়ম লগতে কেইবাখনো দেশত বলৱৎ কৰা হ’ব এই নিয়ম। ১৬ বছৰৰ তলৰ কিশোৰে চলাব নোৱাৰিব ছ’চিয়েল মিডিয়া।

যিহেতুকে দেখিবলৈ পোৱা যায় যে ১৬ বছৰৰ তলৰ যি সকল শিশু সেই শিশুসকলৰ মাজত অপৰাধ প্ৰৱণতা বৃদ্ধি পোৱা দেখা যায় গতিকে সেইসকল শিশুৱে এতিয়া ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ইউটিউব একাউণ্ট আদি খুলিব নোৱাৰিব। মানসিক স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে ১৬ বছৰৰ তলৰ শিশুসকলক ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিব চৰকাৰে। ছ’চিয়েল মিডিয়াৰ সকলো প্লেটফৰ্ম নিষিদ্ধ কৰা হ’ব ১৬ বছৰৰ তলৰ কিশোৰৰ বাবে। ডিজিটেল নিৰাপত্তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে। চাইবাৰ অপৰাধ, অনলাইন প্ৰৱঞ্চনা, আদিৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হ’ব এই ব্যৱস্থা। মালয়েছিয়া চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। যিহেতু ছ’চিয়েল মিডিয়া শিশুৰ বাবে অতি বিপদজনক হৈ পৰিছে আৰু সেয়ে এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আগবাঢ়িছে মালয়েছিয়া চৰকাৰে।