প্ৰয়াত গায়ক ৰাজীৱ শদিয়াৰ দিশহাৰা পৰিয়ালে পাব চৰকাৰৰ সহায়। গান গাই থাকোতে মঞ্চত ঢলি পৰি অকাল মৃত্যুক সাৱটা
গায়ক ৰাজীৱ শদিয়াৰ আছে এটি কনমাণি পুত্ৰ সন্তান আৰু পত্নী। ৰাজীৱ শদিয়াৰ মৃত্যুত পৰিয়ালটোৰ বিৰ দি বাট নোপোৱা অৱস্থা। পৰিয়ালটোৰ এক মাত্ৰ উপাৰ্জনকাৰী আছিল ৰাজীৱ শদিয়া। দিশহাৰা পৰিয়ালটোক সহায়ৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিধায়ক অখিল গগৈয়ে দুবাৰকৈ অনুৰোধ কৰাত সহায়ৰ আশ্বস দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰে নকৰিলেও নিজাকৈ হলে সহায় কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে চৰকাৰে সাহায্য নিদিয়ালৈ ৰাজীৱ শদিয়াৰ পৰিয়ালক সহায় কৰিব বিধায়ক অখিল গগৈয়ে। ফেচবুক যোগে সদৰি কৰিলে বিধায়ক অখিল গগৈয়ে।