বাংলাদেশত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে ধাৰাবাহিকভাৱে পোহৰলৈ আহিছে হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ বহু ঘটনা। এই সময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এটা ভিডিঅ’ যাৰ ওপৰত উত্থাপন হৈছে বহু কথা ।ভিডিঅ’টোত পোনপটীয়াকৈ বাংলাদেশ সেনাই নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু ৰাজনাথ সিঙক দিছে সকীয়নি।উল্লেখযোগ্য যে বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰৰ মাজতে ২ ডিচেম্বৰত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত ভাঙি পেলোৱা হৈছিল বাংলাদেশৰ কূটনৈতিক অভিযান। গ্ৰেপ্তাৰ কৰা হৈছিল ৭ জন লোকক।তাৰ পিছতেই বাংলাদেশ আৰ ভাৰত দুয়োখন দেশৰ মাজত বৃদ্ধি পায় হিংসা-ভেদ । এনে সময়তে ৭ ডিচেম্বৰত বাংলাদেশৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে এক বিশেষ ভিডিঅ’। যি ভিডিঅ’ত মিলিটাৰী কেপ পিন্ধা দুজন লোকে বাংলা ভাষাত ভাষণ দি কয় যে
“মোডী জী, অমিত জী আৰু ৰাজনাথ সিং জী, বাংলাদেশৰ সেনাবাহিনী এতিয়া ১৯৭২ চনৰ দৰে নাই, এতিয়া আমি যিকোনো দেশৰ সৈতে যুঁজিবলৈ সাজু হৈছো।” আগৰতলাত বাংলাদেশৰ কূটনৈতিক অভিযানত সংঘটিত আক্ৰমণৰ প্ৰতিবাদত বিবৃতি দি সেনা জোৱানজনে কৰিছিল এই মন্তব্য ।
কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ভাৰতক সকীয়নি দিয়া সেনা জোৱান দুজন আছিল বাংলাদেশৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল। নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু ৰাজনাথ সিঙক সকীয়াই দিয়া ব্যক্তিজনৰ নাম অৱসৰপ্ৰাপ্ত কৰ্ণেল মনীষ দিৱান।আনহাতে আগৰতলাৰ আক্ৰমণৰ কথা উল্লেখ কৰা ব্যক্তিজনৰ নাম হৈছে অৱসৰপ্ৰাপ্ত কৰ্ণেল মহম্মদ আহছানুল্লাহ।দৰাচলতে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ খবৰৰ পাছতেই ভাৰতৰ বহু ঠাইত জ্বলাই দিয়া হৈছিল প্ৰতিবাদত বাংলাদেশৰ পতাকা যাৰ বাবে দুয়ো দেশৰ মাজত সৃষ্টি হৈছিল হিংসাত্মক বিভেদ।এতিয়া কথা হ’ল বাংলাদেশে সঁচাকৈয়ে বিচাৰে নেকি ভাৰতৰ লগত সামৰিক যুদ্ধ? নে বাংলাদেশত বিভ্ৰান্তিৰ বাবেই অৱসৰপ্ৰাপ্ত কৰ্ণেলগৰাকীয়ে কৰিলে এই মন্তব্যই সেইয়া সময়ত হ’ব লক্ষ্যণীয়