Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

এতিয়া যিহেতু গৰমৰ দিন। গৰমৰ দিনত আপোনাৰ শৰীৰটো ঠাণ্ডা কৰি ৰখাটো খুবেই প্ৰয়োজন। আপোনাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ হাইড্ৰেটেড হৈ থকাটো প্ৰয়োজন। পানীৰ অভাৱ হ’লে আপোনাৰ শৰীৰত বিভিন্নধৰণৰ সমস্যা হ’ব পাৰে।

গৰম দিনত না না সমস্যা হ’ব পাৰে। গৰমত বহু লোকৰ ঘামুচি ওলোৱা দেখিবলৈ পোৱা যায়। ৰ’দত দেহৰ পৰা ঘাম বাহিৰলৈ ওলাই যাব নোৱাৰাৰ বাবেই ঘামুচি ওলায়। ডিহাইড্ৰচেন মানে আপোনাৰ শৰীৰত পানীৰ অভাৱ। সেইবাবে গৰমৰ দিনত প্ৰচুৰ পৰিমানে পানী খাব লাগে। আপুনি যদি বেছিকৈ পানী খাই বেয়া পায় তেন্তে ফলৰ ৰসো খাব পাৰে। যাৰ ফলত আপোনাৰ শৰীৰত পানীৰ অভাৱ নহয়।

বিশেষজ্ঞ সকলৰ মতে গৰমৰ দিনত আপুনি কমেও ২ ৰ পৰা ৩ লিটাৰ পানী খাব লাগে। গৰমৰ দিনত পানী খোৱাৰ বহুতো লাভালাভ আছে। শক্তি বৃদ্ধি, অৱসাদ দূৰ, মনোভাব উন্নত, ওজন হ্ৰাস, ধুনীয়া ছাল এইসমূহ লাভালাভ আছে পানী খোৱাৰ ফলত। সেয়েহে দিনত কমেও ৮ ৰ পৰা ১০ গিলাচ পানী খোৱাৰ অভ্যাস কৰক, সুস্থ থাকক।

Wordpress Social Share Plugin powered by Ultimatelysocial