Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

গৰমত শৰীৰত বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা বেছি।
এপ্ৰিল মাহৰ আৰম্ভণিৰ পৰাই লাহে লাহে গৰম পৰিবলৈ আৰম্ভ কৰে। যিমান গৰম নপৰক সূৰ্যটো মুৰত লৈ হ’লেও কামলৈ যাব লাগে। এই পৰিস্থিতিত নিজৰ যত্ন কেনেকৈ ল’ব লাগে এবাৰ চাওকচোন।

১) দীৰ্ঘদিন ধৰি ৰ’দত থাকিলে হিট ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। তদুপৰি দুপৰীয়া ১২ বজাৰ পৰা সূৰ্য্যৰ ৰশ্মি তীব্ৰ হয় । গতিকে যিমান পাৰি ৰ’দত ওলাই যোৱাৰ পৰা বিৰত থাকক। উচ্চ চাপ বা হৃদযন্ত্ৰৰ সমস্যা থাকিলে ৰ’দত ওলাই নাহিলে ভাল।

২)দিনে কমেও ৩-৪ লিটাৰ পানী খাব লাগে। পানীৰ লগতে পদিনা পাতৰ পানী , নিমখ-চেনিৰ পানী, চেনি, নেমুৰ পানী, সতেজ ফলৰ ৰস খাই থাকিব। এইবোৰে শৰীৰক ঠাণ্ডা কৰাৰ লগতে সুস্থ কৰি ৰাখে । লগতে শৰীৰটোৰ সতেজতা বজাই ৰাখিব।

৩) ৰ’দত ওলাই যাওঁতে হাত-ভৰি ঢাকিব পৰা কাপোৰ পিন্ধিব লাগে। কাপোৰ বোৰ কপাহী কাপোৰ হ’ব লাগে । ছাতি, টুপী, ছানগ্লাছ আৰু পানীৰ বটল লগত লৈ যাব লাগিব। আৰু ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব।

৪)বাইক চলোৱাসকলে নাক আৰু মুখৰ ওপৰত তিতা ৰুমাল বান্ধিব পাৰে। লগতে ৰাস্তালৈ ওলাই যাওঁতে তিতা টাৱেল বা টাৱেলেৰে মূৰ আৰু কান্ধ ঢাকি ৰাখিব লাগে। ইয়াৰ দ্বাৰা হিট ষ্ট্ৰ’কৰ আশংকা এৰাই চলিব পাৰি।

৫) এনে তাপত শৰীৰৰ উষ্ণতা বৃদ্ধি পায়। তেতিয়াই হিট ষ্ট্ৰোকৰ আশংকা বাঢ়ি যায়। মূৰ ঘূৰোৱা, ৰক্তচাপ কমি যোৱা, আকৰ্ষণ হোৱা আদি লক্ষণ হঠাতে দেখা দিয়ে। এনে লক্ষণ দেখা দিলে ছাঁত বহি বা শুই থাকিব লাগে। মুখ আৰু চকুত ঠাণ্ডা পানী লগাব লাগে। ডিঙিত তিতা কাপোৰ বা ৰুমাল এখন ৰাখক।

৬) এই গৰমত শৰীৰক শীতল কৰি ৰখাটো অতি প্ৰয়োজনীয়। এই বতৰত দিনটোত দুবাৰকৈ গা ধুব লাগে। ঠাণ্ডা পানীত গা ধুব। ই শৰীৰৰ উষ্ণতা স্বাভাৱিক কৰি ৰাখিব।

৭) গৰমত শৰীৰৰ পৰা ঘাম নিৰ্গত হয়। ঘামেও শৰীৰৰ পৰা খনিজ পদাৰ্থ আঁতৰাই পেলায়। শৰীৰত ইলেক্ট্ৰলাইটৰ অভাৱ হ’লে গৰমত পেশীবোৰ টান হৈ পৰে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ নেমুৰ পানী, কেন পানী, নিমখ-চেনিৰ পানী খাব লাগে। লগতে এই গ্ৰীষ্মকালত চাহ, কফি, মদ খোৱাৰ সম্পূৰ্ণ পৰিহাৰ।

৮)গৰম ভজা খাদ্য, চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। টেঙা খাদ্য, জাংক ফুড, ৰাস্তাত কাটি লোৱা ফল-মূল পৰিহাৰ কৰক। গ্ৰীষ্মকালত এই খাদ্যসমূহে পেটৰ সমস্যা বৃদ্ধি কৰিব পাৰে।

Wordpress Social Share Plugin powered by Ultimatelysocial