Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

গুৱাহাটীৰ মাজ-মজিয়াত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বামুণীমৈদাম কাণ্ডৰ চাঞ্চল্যকৰ হত্যাকাণ্ড মাৰ নৌযাওঁতে পুনৰ গুৱাহাটী সংঘটিত আন এক হত্যাকাণ্ড।ঘটনাৰ স্থান গুৱাহাটীৰ উলুবাৰী।স্বামী ৰুবুল শৰ্মাৰ হাতত প্ৰাণ গ’ল পত্নী শ্ৰেয়া ভট্টাচার্য।

দেওবাৰে পুৱা শোৱাপাটীতে পত্নীক হত্যা কৰি পল্টনবজাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ঘাতক স্বামী ৰুবুলে। কিন্তু তাৎপর্যপূর্ণ কথাটো হ’ল যে হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে পোহৰলৈ আহিছে এটাৰ পিছত আন এটা চাঞ্চল্যকৰ তথ্য।৪ বছৰ পূৰ্বে নলবাৰীৰ ৰুবুল শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ডাউকীৰ শ্ৰেয়া ভট্টাচাৰ্য।দুয়োৰে মাজত সম্পন্ন হৈছিল প্ৰেম বিবাহ।পোহৰলৈ অহা তথ্য অনুসৰি ৰুবুল আৰু শ্ৰেয়াৰ মাজত হৈছিল বাল্য বিবাহ। আনফালে ঘাতক স্বামী।ৰুবুল শৰ্মা আছিল গুৱাহাটীৰ এখন ব্যক্তি বিদ্যালয়ৰ বাছ চালক।বিগত দুবছৰ ধৰি উলুবাৰী ফেমিলী ক’ৰ্টৰ পথত থকা ১৮ নম্বৰ বাসগৃহত ভাড়াতীয়া হিচাপে আছিল ৰুবুল আৰু শ্ৰেয়া।

মৃত শ্ৰেয়া ভট্টাচাৰ্য শৰ্মা আছিল আৰ্য মহাবিদ্যালয়ত স্নাতক চতুৰ্থ ষান্মাষিকৰ ছাত্ৰী ।ইমানেই নহয় দুবছৰ পূৰ্বে এগৰাকী কন্যা সন্তানৰ মাতৃ হৈছিল শ্ৰেয়া ।কিন্তু ঘটনানুসৰি শ্ৰেয়াৰ জীৱনলৈ আহিছিল আন এগৰাকী লোক। অৰ্থাৎ অন্য যুৱকৰে আছিল শ্ৰেয়াৰ পৰকীয়া প্ৰেম।আৰু তাকে লৈ শ্ৰেয়া আৰু ৰুবুলৰ মাজত হৈছিল সংঘাত আৰু আজি সেই সংঘাতে লয় চূড়ান্ত ৰূপ। পুৱা পত্নী হত্যা কৰি এঘণ্টাৰ ভিতৰতে থানাত আত্মসমৰ্পণ কৰে ঘাতক ৰুবুলে। উল্লেখ্য যে হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত কাষৰ কোঠাতে আছিল শ্ৰেয়াৰ পিতৃ-মাতৃ আৰু ভগ্নী। ইতিমধ্যে শ্ৰেয়াৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHৰ মৰ্গলৈ প্ৰেৰণ কৰে।

Wordpress Social Share Plugin powered by Ultimatelysocial