Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

গুজৰাটৰ অট্টালিকা খহি পৰিল
মৃত্যুৰ সংখ্যা ৭, উদ্ধাৰ অভিযান অব্যাহত

পশ্চিম ভাৰতৰ ৰাজ্য গুজৰাটৰ এটা অট্টালিকা খহি পৰাৰ ফলত কমেও সাতজন লোকৰ মৃত্যু হৈছে আৰু কেইবাজনো লোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে। শনিবাৰে আৰক্ষী আৰু উদ্ধাৰকাৰী বিষয়াসকলে এই কথা জনাইছিল ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (National Disaster Response Force)ৰ বাবুলাল যাদৱে দেওবাৰে সাংবাদিকক জনোৱা যে ছুৰাট চহৰত শনিবাৰে আবেলি পাঁচমহলীয়া অট্টালিকা এটা খহি পৰে।

দেওবাৰে পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হয়৷ দলবোৰে ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰি৷ চহৰখনৰ উপ আৰক্ষী আয়ুক্ত ৰাজেশ পাৰমাৰে কয় যে এতিয়াও কিমানজন লোক আবদ্ধ হৈ আছে সেয়া স্পষ্ট নহয়।

চুৰাটৰ মুখ্য অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া বসন্ত পাৰেখে কয় যে গোটেই নিশা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ মোকাবিলা বাহিনীয়ে উদ্ধাৰ অভিযান চলায়। পুৱা ৬ বজালৈকে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হৈছে ৭টা মৃতদেহ। এতিয়াও ৫ জন লোক ধ্বংসাৱশেষৰ তলত পোত খাই থকাৰ আশংকা কৰা হৈছে। কালি ১৫ জন আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। 

Wordpress Social Share Plugin powered by Ultimatelysocial