সময় তেতিয়া ১ বাজি ৩৮ মিনিট। বৃহস্পতিবাৰে দুপৰীয়া চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা বিমানখন উৰা মাৰে। বিমানখন ৰানৱে ২৩ৰ পৰা উৰাৰ এক মিনিটৰো কম সময়ৰ ভিতৰত দুৰ্ঘটনাত পতিত হয়। খবৰ অনুসৰি উৰণৰ কিছু সময়ৰ পিছতেই ATCৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ যায়। তথ্য অনুসৰি, ভাঙি পৰাৰ আগতে বিমানখন মাটিৰ পৰা ৬২৫ ফুট উচ্চতাত আছিল। তাৰ পিছত দ্ৰুতগতিত তললৈ নামিবলৈ আৰম্ভ কৰে। তাৰ পিছতেই বিমান বন্দৰৰ সমীপৰে ওচৰৰ বসতি এলেকাত বিমানখন ভাঙি পৰে।
খবৰ অনুসৰি ১ বাজি ৩৮ মিনিটত বিমানখন ৰানৱে’ৰ পৰা উৰাৰ পিছতেই পাইলটে ATCলৈ বিপদ সংকেত প্ৰেৰণ কৰে। কিন্তু বিমানৰ সৈতে যোগাযোগৰ চেষ্টা কৰিও আৰু কোনো সঁহাৰি নাপায়। বিমানখন দিল্লীৰ পৰা আহমেদাবাদলৈ আহিছিল। তাৰ পিছত লণ্ডনৰ উদ্দেশ্যে ৰাওনা হৈছিল। কিন্তু তাৰ আগতেই দুৰ্ঘটনাৰ কবলত পৰে। বিমানখনত মুঠ ২৪২ জন আছিল, তাৰে ২৩২ জন যাত্ৰী আৰু ১০ জন ক্ৰু সদস্য।