Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অৱশেষত অন্তিমটো অনুমতি দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৯খন পঞ্চায়তক এৰি আন পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান আদালতৰ। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ কেইবাখনো আবেদন দিয়া হৈছিল ন্যায়ালয়ত। কৰিমঞ্জৰ ১৯ টা পঞ্চায়তৰ গোচৰ আছিল ন্যায়ালয়ত। ফলত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া নাছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।

অৱেশযত শনিবাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰে ন্যায়ালয়ে। ন্যায়ালয়ৰ অনুমতিৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মেট্ৰিক, হায়াৰছেকেণ্ডাৰী পৰীক্ষাৰ বাবে ফ্ৰেব্ৰুৱাৰীত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা অসম্ভৱ। পৰীক্ষাৰ ১০ দিন মান আগতে
পঞ্চায়ত নিৰ্বাচন শেষ কৰাৰ পৰিকল্পনা কৰিছিল চৰকাৰে। ১৪ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হব মেট্ৰিক, হায়াৰছেকেণ্ডাৰী পৰীক্ষা। এপ্ৰিল বা ব’হাগ বিহুৰ আগে-পিছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial