Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

শুকুৰবাৰে ভাৰতলৈ আহিব কানাডাৰ প্রধানমন্ত্রী মার্ক কার্ণী। বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এক প্রেছ বিজ্ঞপ্তিযোগে এই কথা প্রকাশ কৰে।

শুকুৰবাৰে ভাৰতলৈ আহিব কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কার্ণী। বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এক প্রেছ বিজ্ঞপ্তিযোগে এই কথা প্রকাশ কৰে। জাষ্টিন ট্রুডোৰ পাছত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্রধানমন্ত্রী হিচাপে এয়া হ’ব মার্ক কাণীৰ প্ৰথমটো ভাৰত ভ্ৰমণ।

উল্লেখ্য যে- শুকুৰবাৰে মুম্বাইত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কার্ণী। মুম্বাইত উপস্থিত হোৱাৰ পাছতে মার্ক কার্ণীয়ে পৃথক পৃথক কার্যসূচীত অংশগ্ৰহণ কৰিব বুলি বিজ্ঞপ্তিত জানিবলৈ দিয়ে। তেওঁ ভাৰতীয় আৰু কানাডাৰ বিভিন্ন প্ৰতিষ্ঠানৰ চি ই অ উদ্যোগ আৰু বিত্তীয় বিশেষজ্ঞ, উদ্ভাৱক, শিক্ষাবিদ আদিৰে মতবিনিময় কৰিব বুলি জানিব পৰা গৈছে।

Wordpress Social Share Plugin powered by Ultimatelysocial