প্ৰকৃতিৰ প্ৰতিটো সম্পদেই মানুহৰ বাবে অতিকৈ প্ৰয়োজনীয়।প্ৰতিবিধ উপাদানেই মানুহৰ শৰীৰৰ বাবে মহৌষধৰূপে কাম কৰে।

মানুহৰ জীৱনত কলগছৰ গুৰুত্ব অধিক।কল এবিধ খাদ্য সামগ্ৰী হিচাপে আমি খাওঁ আৰু তাৰোপৰি কলগছৰ প্ৰতিটো অংশয়ে মানুহৰ বাবে জীৱনদায়িনী দৰে।
কলদিল খালে শৰীৰত তেজৰ মাত্ৰা বৃদ্ধি পায়।তাৰোপৰি নিম্ন ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱা লোকৰ বাবে কলডিল অতি উপকাৰী।কলডিল (কলাফুল) পুষ্টিগুণে ভৰা এক পাচলি,যিয়ে হজমশক্তি বঢ়ায়, তেজৰ হিমোগ্লোবিন উন্নত কৰে,কোষ্ঠকাঠিন্য কমায়, আৰু মহিলাসকলৰ মাহেকীয়া সমস্যাত উপকাৰী। ই ফাইবাৰ, ভিটামিন (E, C),আৰু লৌহ পদাৰ্থৰে সমৃদ্ধ,যি মেদবহুলতা কমোৱা,ছালৰ যত্ন লোৱা,আৰু তেজ পৰিষ্কাৰ কৰাত সহায় কৰে, বিশেষকৈ নিম্ন ৰক্তচাপ আৰু গৰ্ভৱতী মহিলাৰ বাবে ই মহৌষধ স্বৰূপ।
কল পচলা (কলগছৰ পচলা) ফাইবাৰ,পটাছিয়াম, আইৰণ আৰু ভিটামিন B6-ৰে সমৃদ্ধ, যি কোষ্ঠকাঠিন্য,ৰক্তহীনতা, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল কমোৱাত সহায় কৰে, লগতে পেটৰ চৰ্বি, ডায়েবেটিছ,কিডনী আৰু লিভাৰৰ সমস্যাৰ দৰে বিভিন্ন ৰোগত উপকাৰী,শৰীৰক বিষমুক্ত কৰে আৰু মূত্রনলীৰ সংক্ৰমণৰ বাবেও ই উত্তম,যাৰ বাবে ইয়াক অসমীয়া খাদ্য তালিকাত এক গুৰুত্বপূৰ্ণ পাচলি হিচাপে গণ্য কৰা হয়।
কলগছৰ গা-গছৰ পানীযথেষ্ট পুষ্টিকৰ,ইয়াত পটাছিয়াম,ভিটামিন-বি ৬ আদি থাকে,যাৰ উপৰি ই ফাইবাৰ আৰু খনিজ পদাৰ্থেৰে পৰিপূৰ্ণ,যিয়ে শৰীৰৰ দুৰ্বলতা আঁতৰাই আৰু ছালৰ বাবেও উপকাৰী।ইয়াক তৰকাৰীত ব্যৱহাৰ কৰা হয়,আৰু ইয়াৰ ৰসে গা ধোৱা বা মালিচ কৰাতো ব্যৱহাৰ হয়,যি ছালৰ সৌন্দৰ্য বৰ্তাই ৰাখে।