শৰীৰটো সুস্থ কৰি ৰাখিবলৈ প্ৰতিবিধ খাদ্য খোৱাটো অত্যন্ত জৰুৰী।প্ৰতিবিধ খাদ্যতেই থাকে বেলেগ বেলেগ ভিটামিন।শৰীৰত প্ৰয়োজনীয় সকলো ভিটামিন পূৰ হ’বলৈ আমি প্ৰত্যেকেবিধ পুষ্টিকৰ খাদ্য খোৱাটো অতি প্ৰয়োজনীয়। বিশেষকৈ ফল-মূল,শাক পাচলি, ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰত পুষ্টি প্ৰদান কৰাত সহায় কৰে।ফলৰ ভিতৰত কমলাৰ বিশেষ উপকাৰীতা আছে।

কমলাৰ ৰসে হৃদৰোগ সম্পৰ্কীয় ৰোগত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস কৰে।শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।শৰীৰৰ ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।কমলাত থকা এ,চি আৰু আইৰণে হিম’গ্লবিনৰ স্তৰ বৃদ্ধি কৰে।কমলা পেটৰ বাবেও যথেষ্ট উপকাৰী।কমলাৰ আঁহে পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰে।কমলাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।শৰীৰৰ ওজন হ্ৰাস হয়।কমলাই চকু সুস্থ কৰাৰ লগতে ছাল চুলিও ভাল কৰে।ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
সেয়ে অত্যাধিক পৰিমাণে কমলা সেৱন কৰি শৰীৰ সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰক।