Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

এতিয়া কণী ক্রয় কৰাৰ সময়ত কণীৰ ম্যাদ উকলি গৈছেনে নাই পৰীক্ষা কৰিব পাৰিব। চৰকাৰে এক নতুন নিয়ম ৰূপায়ণ কৰিছে, য’ত উল্লেখ আছে যে ১ এপ্ৰিলৰ পৰা প্ৰতিটো কণীত ম্যাদ উকলি যোৱাৰ তাৰিখ উল্লেখ কৰাটো বাধ্যতামূলক। এই নিয়ম মানি চলাত ব্যর্থ হোৱা যিকোনো ব্যৱসায়ী বা উৎপাদকৰ কণীবোৰ ভাঙি পেলাব পাৰে। ইয়াৰোপৰি “মানৱৰ খাদ্যৰ বাবে অযোগ্য” বুলি ঘোষণা কৰা হ’ব পাৰে। চৰকাৰে কয় যে এই পদক্ষেপ গ্ৰাহকৰ সুৰক্ষাৰ বাবে।

কণীৰ গুণাগুণ আৰু খাদ্য সুৰক্ষা উন্নত কৰাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে এক বৃহৎ সিদ্ধান্ত গ্রহণ কৰিছে। ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ সকলো কণী উৎপাদকে প্রতিটো কণীত তাৰিখ লিখিব লাগিব। তথ্য অনুসৰি গ্ৰাহকে ক্ৰয় কৰা কণীৰ সতেজতাৰ বিষয়ে স্পষ্ট বুজিবলৈ এই নিয়ম কাৰ্যকৰী কৰা হৈছে। নিয়ম মানি নচলাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Wordpress Social Share Plugin powered by Ultimatelysocial