Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিঙৰ সময়সীমাৰ পুনৰ পৰিৱৰ্তন কৰিছে। পূৰ্বে গ্ৰামাঞ্চলৰ গ্ৰাহকে প্ৰতি ২৫ দিনৰ মূৰে মূৰে এবাৰ চিলিণ্ডাৰ বুক কৰাৰ সুবিধা লাভ কৰিছিল, কিন্তু এতিয়া সেই নিয়মৰ পৰিৱৰ্তন কৰি এই সময়সীমা ৪৫ দিনলৈ বৃদ্ধি কৰিছে। ইয়াৰ অৰ্থ হ’ল, এতিয়াৰ পৰা গ্ৰামাঞ্চলৰ লোকে প্ৰথমটো চিলিণ্ডাৰ বুক কৰাৰ ৪৫ দিনৰ পিছতহে দ্বিতীয়টো চিলিণ্ডাৰ বুক কৰিব পাৰিব।চহৰ অঞ্চলৰ গ্ৰাহকৰ বাবেও সলনি কৰা হৈছে ঘৰুৱা LPG বুকিঙৰ সময়সীমা। শেহতীয়াকৈ ২৫ দিনলৈ বৃদ্ধি কৰা হৈছে চিলিণ্ডাৰ বুকিঙৰ সময়সীমা। বুকিং সময়সীমা বৃদ্ধিৰ মূল উদ্দেশ্য হৈছে অপ্ৰয়োজনীয় গেছ জমা কৰি ৰখা বন্ধ কৰা।বহু লোকে প্ৰয়োজনতকৈ অধিক চিলিণ্ডাৰ বুকিং কৰি ঘৰত জমা কৰি ৰাখিছে। এই আশংকাৰ ফলত বিতৰণ কেন্দ্ৰসমূহৰ ওপৰত হেঁচা বৃদ্ধি পাইছে। এই অপ্ৰয়োজনীয় ভিৰ আৰু অভাৰবুকিং নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে বুকিংৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে যাতে গেছৰ ষ্টক ভাৰসাম্যপূৰ্ণ হয়।

Wordpress Social Share Plugin powered by Ultimatelysocial