পেহেলগাম ঘটনাৰ পাছতেই এক্সন মোডত ভাৰত চৰকাৰ। বুধ বাৰৰ দিনটোত আঢ়ৈ ঘন্টা সময় ধৰি প্ৰধান মন্ত্ৰীৰ বাসগৃহত চলিছিল বৈঠক। বৈঠকৰ অন্তত লোৱা হৈছিল কেইবাটাও বৃহৎ সিদ্ধান্ত। পেহেলগামৰ ঘটনাক কোনো কাৰণতে সহজে নলয় ভাৰতে। এটাও সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহ’ব বুলি হুংকাৰ দিছে নৰেন্দ্ৰ মোদীয়ে।
প্ৰধান মন্ত্ৰীৰ বৈঠকৰ পিছতেই ভাৰতীয় সেনাৰ অভিযান আৰম্ভ হৈছে।পাকিস্তানত এতিয়া হাহাকাৰ। ২৪ ঘণ্টাৰ ভিতৰতেই ভাৰতে পাকিস্তানক দিছে প্ৰত্যুত্তৰ। পাকিস্তানৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰিছে কেইবাটাও বৃহৎ সিদ্ধান্ত। বাতিল কৰা হৈছে সিন্ধু জলচুক্তি। সিন্ধু জলনীতিৰ জৰিয়তে পাকিস্তানত পানী যোগান ধৰি থকা হৈছিল। আৰু তেনে পৰিপ্ৰেক্ষিতত পাকিস্তান শুকান হৈ পৰিব। ভাৰতে পাকিস্তানলৈ বন্ধ কৰিলে পানী যোগান। ভাৰতৰ সৈতে শত্ৰুতা কৰাৰ পৰিণাম ভুগিব লাগিব এতিয়া পাকিস্তানে। সমগ্ৰ পাকিস্তানে এতিয়া পানী নাপায় হাহাকাৰ কৰিব লাগিব।