দৈনিক সীমিত মাত্রাতহে পানী খাব লাগে তাতোতকৈ বেছি পানী খাব নালাগে । দৈনিক কিমান পৰিমাণৰ পানী খাব লাগে তাৰ বাবে ডাক্তৰ, ডায়েটিচিয়ান, বিউটিচিয়ানৰ পৰামৰ্শ লওক । কাৰণ আপোনাৰ চুলি, ছাল আৰু শৰীৰৰ সকলো অংগ সঠিকভাৱে কাম কৰি ৰাখিবলৈ পানী পৰিমিতভাৱে সেৱন কৰিব লাগে।
এটা দিনত পানী খোৱাৰ সঠিক উপায় জানেনে? দৈনিক কিমান পানী সেৱন কৰিব লাগে?
প্ৰথমতে মনত ৰখাটো হ’ল যে কেতিয়াও শুই শুই পানী খাব নালাগে। সদায় বহি বহি পানী খাব লাগে।
অতি পিয়াহ লাগিছে বাবে একেলগে বহুত পানী খাব নালাগে। ইয়াৰ ফলত গা গধুৰৰ দৰে সমস্যা হ’ব পাৰে। ভৰপূৰ পেটত বেছি পানী নাখাই ভাল।
খালী পেটতো এবাৰতে বহু পৰিমাণে পানী খালে বমি হ’ব পাৰে।
খাদ্য খোৱাৰ আগতে বা পিছত লগে লগে পানী খাব নালাগে। খাদ্য খোৱাৰ কিছু সময়ৰ আগতে পানী খাব লাগে।
খাদ্য খোৱাৰ পিছতো নিৰ্দিষ্ট সময়ৰ পিছত পানী খাব লাগে। খোৱাৰ পিছত লগে লগে পানী নোখোৱাই ভাল। খাদ্য খোৱাৰ পিছতো পানী খাব নালাগে।
বিশেষকৈ গৰমৰ দিনত বহুতৰে ঠাণ্ডা পানী খোৱাৰ অভ্যাস আছে। বহুতে ফ্ৰীজৰ পৰা পোনপটীয়াকৈ পানী খায়। এই প্ৰথা একেবাৰে শুদ্ধ নহয়।