২০০০ টকীয়া নোট সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়া আপডেটত এক ডাঙৰ ঘোষণা কৰিছে। ২০২৩ চনত চৰকাৰে প্ৰত্যাহাৰ কৰা এই নোট সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুনকৈ এক গুৰুত্বপূৰ্ণ বিবৃতি দি জৰুৰী পৰামৰ্শ আগবঢ়াইছে।ৰিজাৰ্ভ বেংকে জনোৱা অনুসৰি, পূৰ্বে জাৰি কৰা ২০০০ টকীয়া নোটৰ ৯৮.৪২% ইতিমধ্যে বেংকিং ব্যৱস্থালৈ ঘূৰি আহিছে। ইয়াৰ পৰা বুজা যায় যে উচ্চ মূল্যৰ মুদ্ৰাৰ অতি কম অংশ বা বাকী নোটবোৰ এতিয়াও বজাৰত প্ৰচলিত হৈ আছে।ভাৰতীয় ৰিজাৰ্ভ বেংকে এই প্ৰসংগত এটা ডাঙৰ আপডেট দি জনাইছে, “বিগত আঢ়ৈ বছৰে এই নোটবোৰৰ বেছিভাগেই হয়তো সংশ্লিষ্ট বেংক একাউণ্টত জমা হৈছে অথবা বিনিময় কৰা হৈছে”।২০২৩ চনৰ ৯ অক্টোবৰৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ১৯টা কাৰ্যালয়ে এই নোটসমূহ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে জমা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। কেন্দ্ৰীয় বেংকটোৱে জনসাধাৰণক বেংকৰ লগতে ডাকঘৰৰ জৰিয়তেও ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যালয়লৈ সেই পুৰণি ২০০০ টকীয়া নোটসমূহ প্ৰেৰণ কৰাৰ অনুমতি প্ৰদান কৰিছে, যাৰ মূল্য পোনপটীয়াকৈ প্ৰেৰকৰ বেংক একাউণ্টত জমা হ’ব বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে।
