Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

অসমত আধাৰ কাৰ্ডৰ বাবে এতিয়াৰে পৰা প্ৰযোজ্য হ’ব নতুন নিয়ম। নতুন নিয়ম আৰু তদন্তৰ মাজেৰে আবেদনকাৰীক দিয়া হ’ব আধাৰ কাৰ্ড। বুধবাৰে কেবিনটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।

এতিয়াৰে পৰা NRC ৰ বাবে আবেদন কৰা পৰিয়ালে পাব আধাৰ কাৰ্ড। অসমত আধাৰ কাৰ্ড আবেদনৰ বাবে NRC আবেদনৰ প্ৰমাণ থাকিব লাগিব। ৰাজ্য চৰকাৰৰ ভেৰিফিকেশ্যনৰ পিছতহে আধাৰ কাৰ্ড দিয়া হ’ব। আধাৰ কাৰ্ডৰ আবেদন কেইবাবাৰো তদন্ত কৰিব ৰাজ্য চৰকাৰৰ বিষয়-ববিয়াই। তদন্তত সঠিক প্ৰমাণ হোৱা আবেদনকাৰীয়ে হে লাভ কৰিব অসমত আধাৰ কাৰ্ড। অৱশ্যে ভাৰত চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব এই নিয়ম। ২০১৪ চনৰ পিছত ভাৰত চৰকাৰৰ চাকৰীত যোগদান কৰা কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিয়ম ৰেহাই দিয়া হ’ব কিন্তু সকলো নথি-পত্ৰ ভেৰিফিকেশ্যনৰ পিছতহে আধাৰ কাৰ্ড দিয়া হ’ব। অবৈধ অনুপ্ৰৱেশকাৰী, ভুৱা আধাৰ কাৰ্ড আদি ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে এই নিয়ম প্ৰযোজ্য কৰিছে বুলি সংবাদমেল যোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial