আজি আন্তৰ্জাতিক নাৰী দিৱস। প্ৰতি বছৰে ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। মহিলাসকলৰ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক কৃতিত্বক সন্মান জনাই সমগ্ৰ বিশ্বতে এই দিৱসটো ব্যাপকভাৱে পালন কৰা হয়।

এই দিৱসত লিংগ সমতা, প্ৰজননৰ অধিকাৰ, নাৰীৰ ওপৰত হোৱা হিংসা আৰু নিৰ্যাতন, নাৰীৰ সম অধিকাৰ ইত্যাদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হয়। প্ৰতিগৰাকী নাৰীৰ উদযাপনৰ বাবে এই দিৱস পালন কৰা হয়। এই দিৱস উদযাপনৰ আঁৰত আছে মহিলা শ্ৰমিকৰ অধিকাৰৰ বাবে সংগ্ৰামৰ ইতিহাস।১৮৫৭ চনত আমেৰিকাৰ নিউয়ৰ্কৰ ৰাজপথলৈ ওলাই আহি মজুৰিৰ বৈষম্য, নিৰ্দিষ্ট কৰ্মৰ সময় আৰু অমানৱীয় কৰ্ম পৰিস্থিতিৰ বিৰুদ্ধে সূতা কাৰাখানাৰ নাৰী শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই শোভাযাত্ৰাত চৰকাৰে প্ৰতিবাদী বাহিনীৰ ওপৰত দমন-নিপীড়ন চলাইছিল।১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত জাৰ্মান সমাজবাদী নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত নিউয়ৰ্কত ছ’চিয়েল ডেম’ক্ৰেটিক উইমেন অৰ্গেনাইজেশ্যনে আয়োজন কৰা মহিলা সভাত প্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হয়।ক্লাৰা জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক। তাৰ পিছত ১৯১০ চনত ডেনমাৰ্কৰ কোপেনহেগেনত দ্বিতীয় আন্তৰ্জাতিক মহিলা সন্মিলন অনুষ্ঠিত হয়। ইয়াত ১৭খন দেশৰ ১০০ গৰাকী মহিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই সন্মিলনত ক্লাৰাই প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। এই দিনটো ১৯১১ খ্ৰীষ্টাব্দৰ পৰা নাৰী সমতা দিৱস হিচাপে পালন কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হয়।বিভিন্ন দেশৰ সমাজবাদীসকলে এই দিনটো পালন কৰিবলৈ আগবাঢ়ি আহে। ১৯১৪ চনৰ পৰা কেইবাখনো দেশত ৮ মাৰ্চ উদযাপন কৰা হয়। তাৰ পিছত ১৯৭৫ চনত ৮ মাৰ্চত ইয়াক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি দিয়া হয়।