
অৱশেষত যুদ্ধবিৰতি ইৰান-ইজৰাইলৰ মাজত। প্ৰায় ১৪ দিনীয়া যুদ্ধৰ অন্তত দুয়োখন দেশৰ মাজত সাম কাটিছে । বিশ্বত শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত দুয়োখন দেশকে যুদ্ধবিৰতিৰ আহ্বান জনাইছিল ট্রাম্পে। সামাজিক মাধ্যম যোগে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে কৰিছিল যুদ্ধবিৰতি ঘোষণা কিন্তু যুদ্ধবিৰতিত সহমত জনোৱা নাছিল ইৰানে। ইৰানে সহজে সেৱ নামানে বুলি সামাজিক মাধ্যম যোগে জনাই তাৰ পিছতে শক্তি প্ৰদৰ্শন কৰে ইৰানে। ইজৰাইলত ভয়ংকৰ আক্ৰমণ চলাই ইৰানে। আক্ৰমনত ৬ ইজৰাইলীৰ মৃত্যু হয়। বাংকাৰত আশ্ৰয় লৈছিল ইজৰাইলীয়ে। ইফালে নিশা আমেৰিকান সেনাৰ ঘাটিতো মিছাইল নিক্ষেপ কৰে ইৰানে। অৱশেষত যুদ্ধবিৰতিত সহমত প্ৰকাশ কৰে ইৰানৰ বৈদেশিক মন্ত্ৰীয়ে।