শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সমগ্ৰ ৰাজ্যত গো মাংস নিষিদ্ধ ঘোষণা কৰাৰ পিছতে খৰ্গহস্ত হৈ পৰিছে মুছলমান জনতা। বিশেষকৈ হিমন্ত চৰকাৰে সংখ্য়ালঘুক টাৰ্গেট কৰি নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে।ইয়াৰ মাজতে,এইবাৰ হিমন্ত চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ।আমছুৰ সভাপতিগৰাকীৰ মতে,”অসমৰ প্ৰত্যেকজন মুছলমান মানুহে এতিয়া জেহাদ কৰিব লাগিব।এই জেহাদ কৰিব লাগিব শিক্ষাৰ বিপ্লৱেৰে।কলমতকৈ ডাঙৰ অস্ত্ৰ আন একোৱেই নাই।হিমন্ত বিশ্ব শৰ্মাকো কলমেৰে জবাব দিব লাগিব বুলি কৈ আমছুৰ সভাপতিগৰাকীৰ মন্তব্য,অসমৰ মাটিৰ পৰা মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই।৫বছৰৰ পিছত মাদ্ৰাছাৰ ছাত্ৰই এখন হাতত লেপটপ লৈ আনখন হাতত কোৰাণ লৈ গোটেই পৃথিৱীত জিলিকি উঠিব”।
তদুপৰি,হিমন্ত চৰকাৰে গো মাংস নিষিদ্ধ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমছুৰ সভাপতিগৰাকীয়ে ক’লে,”মুছলমানে কি মাংস খাব,কি পিন্ধিব সেইয়া কোৱাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ।মানুহৰ পৰা অভিশাপ নল’ব হিমন্ত বিশ্ব শৰ্মাই।হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত ভয়ংকৰ ৰূপত নিৰ্যাতন কৰি গৈ আছে।অসমখন অস্থিৰ কৰি ৰাখিব বিচাৰি ফুৰে হিমন্ত বিশ্ব শৰ্মাই।কিন্তু হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা ভাল যে,মুছলমান জনতা ৰাজপথলৈ ওলাই আহিলে হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা বেয়া হৈ যাব”।