মচুৰ দাইলত পুষ্টিকৰ উপাদান বহুত থাকিলেও মচুৰ দাইল অতিৰিক্তভাৱে সেৱন কৰাটো স্বাস্থ্যৰ বাবে হানিকাৰক । আয়ুৰ্বেদিক চিকিৎসকে কয় যে অত্যধিক মচুৰ দাইল খোৱাৰ ফলত বহু সমস্যা হ’ব পাৰে।
মচুৰ দাইল আমাৰ দৈনিক খাদ্য প্ৰণালীত আছে। এই দাইল প্ৰটিনৰ অন্যতম উৎস।
প্ৰটিনৰ উপৰিও মচুৰ দাইলত প্ৰচুৰ পৰিমাণে আঁহ থাকে। আৰু ৰক্তচাপ নিয়ন্ত্ৰণতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰক্তহীনতা থাকিলেও এই দালি খোৱাটো বাঞ্ছনীয়।
পুষ্টিকৰ উপাদান বহুত থাকিলেও মচুৰ দাইল অতিৰিক্তভাৱে সেৱন কৰিলে সকলোৰে বাবে স্বাস্থ্যকৰ নহয়।
আয়ুৰ্বেদিক চিকিৎসকে কয় যে অত্যধিক মচুৰ দাইল খোৱাৰ ফলত বহ সমস্যা হ’ব পাৰে, যেনে:
ইউৰিক এচিডৰ সমস্যা থকা লোকে মচুৰ দাইল একেবাৰে খাব নালাগে।
মচুৰ দাইলত থকা পিউৰিনে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত গাঁঠিৰ বিষো হ’ব পাৰে।
যিসকলে বৃক্ক বা বৃক্কৰ কোনো সমস্যাত ভুগিছে তেওঁলোকে অধিক মচুৰ দাইল খাব নালাগে। ই বৃক্কৰ সমস্যা বৃদ্ধি কৰিব পাৰে।
কাৰোবাৰ মচুৰ দাইলৰ এলাৰ্জী হ’লেও তেতিয়া বিশেষজ্ঞ চিকিৎসকে এই দালি খোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিলে।
মচুৰ দাইলত প্ৰচুৰ পৰিমাণে আঁহ থাকে। গতিকে যিসকলে গেছৰ সমস্যাত ভুগিছে তেওঁলোকে মচুৰ দাইল খাই গেছৰ সমস্যা বৃদ্ধি কৰিব পাৰে।
কিন্তু যিসকলৰ এই সকলোবোৰ সমস্যা নাই তেওঁলোকৰ বাবে মচুৰ দাইল দেহৰ বাবে অতি উপকাৰী হ’ব পাৰে। কিন্তু নিৰ্দিষ্ট পৰিমাণে খালে ভাল। অতিৰিক্ত যিকোনো বস্তু শৰীৰৰ বাবে ভাল নহয়।