Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ডুমডুমাৰ ৩নং কৰ্দৈগুৰিৰ চেক বানত কাম কৰিবলৈ গৈছিল ছাত্ৰ সুমন মৰাণ। পানী ভয়াৱহ ৰূপ দেখি কাম নোহোৱাত ঘৰমুৱা হৈ উভতি আহোঁতে এখন সৰু নদীৰ পাৰ হওঁতে সোঁতত উটি যোৱাৰ সন্দেহ গাঁওবাসীৰ। ছাত্ৰ গৰাকীৰ নাম সুমন মৰাণ। ঘৰ ১নং কৰ্দৈগুৰি গাঁৱত (ভতিয়ামখালত)।

পিতৃ হাৰা ছাত্ৰ গৰাকী
সদ্য ঘোষিত HS পৰীক্ষাত কৰ্দৈগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা দুটা বিষয়ত লেটাৰ মাৰ্ক লৈ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল।

ঘৰৰ আৰ্থিক অনাটনৰ বাবে নদীৰ চেক বানত জিঅ’ বেগত মাটি ভৰোৱা কাম কৰিবলৈ গৈছিল সুমন। মেধাবী ছাত্ৰ গৰাকীক বিচাৰি পৰিয়ালৰ মাজত লাগিছিল হাহাকাৰ। অৱশেষত আজি পুৱা SDRF বাহিনীৰ দলে উদ্ধাৰ কৰে সুমনৰ মৃতদেহ। মেধাবী ছাত্ৰ গৰাকীৰ মৃ্ত্যুত অঞ্চলবাসীৰ মাজত শোকৰ ছাঁ।

Wordpress Social Share Plugin powered by Ultimatelysocial