Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

এগৰাকী অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ প্ৰশাসনিক বিষয়াই এগৰাকী সাংবাদিকক ভাবুকি প্ৰদান কৰাক লৈ উত্তাল হৈ আছে সমগ্ৰ অসম। এনকেটিভি প্লাছৰ নামনি অসমৰ ব্যুৰো ৰাণা ডেকাক প্ৰদান কৰা হৈছে ভাবুকি। সাংবাদিক গৰাকীৰ আঠ বছৰীয়া পুত্ৰ সন্তানকো দিয়া হৈছে ভাবুকি। ঘটনা সন্দৰ্ভত ৰাণা ডেকাই নিজৰ সুৰক্ষা বিচাৰি বজালী জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দাখিল কৰিছে এজাহাৰ। উল্লেখ্য যে বাক্সাৰ কাৰাগাৰ চৌহদত হোৱা অপ্ৰিতীকৰ ঘটনাৰ নায়ক আছিল হিতেশ দেৱ শৰ্মাৰ পুত্ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মা। গীতাৰ্থ দেৱ শৰ্মাৰ লাঠি চাৰ্জৰ দৃশ্য পোন প্ৰথমে সম্প্ৰচাৰিত হৈছিল এনকেটিভিত। এই লৈ ৰাণা ডেকাক জগৰীয়া কৰি হিতেশ দেৱ শৰ্মাই টেলিফোনিক বাৰ্তালাপত সাংবাদিক ৰাণা ডেকাক ভয় ভাবুকি প্ৰদান কৰে।
এই ঘটনাক ৰাজ্যৰ সচেতন মহলে তীব্ৰ গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্ত বিচাৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে।

Wordpress Social Share Plugin powered by Ultimatelysocial