ঘোষণা কৰা হ’ল “Human Resouce Development Institute” অধিনৰ Talent Search 2025 ৰ পৰীক্ষাৰ ফলাফল। এই Talent Search পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান দখল কৰিছে গৌৰীপুৰৰ সুকন্যা Sukoon E- Ayaat । ফলাফল ঘোষনাৰ পিছতে ধুবুৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰী গৰাকীয়ে। বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰীৰ লগতে পৰিয়ালৰ মাজতো আনন্দৰ এক পৰিবেশ দেখা গৈছে।

সদৌ অসম ভিত্তিত অনুষ্টিত হোৱা Human Resource Development Institute ৰ প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক বৃত্তি পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান দখল কৰিলে গৌৰীপুৰৰ Synod English Mission School ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী Sukoon E- Ayaatয়ে । আজি তেখেতৰ বাসগৃহত HRDI নামনি অসমৰ Zonal Co-ordinator আজিজুৰ ৰহমান উপস্থিত হৈ ছাত্ৰী গৰাকীক ফুলাম গোমোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মানপত্ৰ প্ৰদান কৰে। এই পৰীক্ষাটো ৭ ছেপ্টেম্বৰ তাৰিখে দ্বিতীয় শ্ৰেনীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অসমৰ প্ৰতিখন জিলাত অনুষ্ঠিত হৈছিল। Sukoon E- Ayaat য়ে অসমৰ ভিতৰত তৃতীয় স্থান দখল কৰাত গৌৰীপুৰত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে শুকুনে পঢ়া শুনা কৰাৰ লগতে সংগীত চৰ্চা ,চিত্ৰাংকন আৰু বিভিন্ন নৃত্য চৰ্চা কৰি আছে ।