Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ছাত্ৰ-ছাত্ৰীক অৰ্থনৈতিকভাৱে পৰিপক্ক কৰি তোলাৰ লগতে সঠিক জোখ-মাখৰ জ্ঞান দিয়াৰ উদ্দেশ্যে চনমাগুৰী বিদ্যালয়ে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ। চনমাগুৰী উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠৰ চৌহদত বহিছে এখন বিশেষ বজাৰ। বিভিন্ন শাক-পাচলিৰ পৰা আৰম্ভ কৰি পকৰি, পিঠা-লাড়ু আদি সকলো উপলব্ধ এই বজাৰখনত। সম্পূৰ্ণৰূপে ঘৰত উৎপাদিত তথা তৈয়াৰী কৰা সামগ্ৰী বিক্ৰী কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে। বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী আৰম্ভ কৰিছে বিদ্যালয়খনে। চনমাগুৰী উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠৰ বিদ্যালয় সপ্তাহৰ আজি তৃতীয়টো দিন। সেয়েহে ছাত্র ছাত্ৰীসকলৰ জোখ-মাখ, ওজনৰ ধাৰণা, সমাজিকৰণৰ বাবে এই পদক্ষেপ লৈছে চনমাগুৰী উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠ বিদ্যালয়খনে।

Wordpress Social Share Plugin powered by Ultimatelysocial