Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

নিশা অভিনেতা ছেইফ আলী খানৰ ঘৰত সংঘটিত চুৰিকাণ্ড। পাইপ লাইনেৰে ছেইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰে চোৰে।
ঘৰত প্ৰৱেশ কৰা চোৰৰ সৈতে হতাহতি অভিনেতাগৰাকীৰ। চোৰে ছুৰিৰে আক্ৰমণ কৰে ছেইফ আলী খানক। চোৰৰ আক্ৰমণত আহত অভিনেতা ছেইফ আলী খান। ছেইফ আলী খানৰ দেহৰ ছয়টা স্থানত ছুৰিকাঘাত কৰে চোৰে। সম্প্ৰতি লীলাৱতী চিকিৎসালয়ত চিকিৎসাধীন ছেইফ আলী খান। বৰ্তমান অভিনেতাগৰাকীৰ স্বাস্থ্যৰ কোনো চিন্তাৰ কাৰণ নাই বুলি জনাই চিকিত্সকে। সমগ্ৰ ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। অভিনেতা ছেইফ আলী খানৰ ঘৰৰ চিচিটিভি নিৰিক্ষণ কৰিছে আৰক্ষীয়ে। বৰ্তমানলৈ ঘটনাৰে জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী

Wordpress Social Share Plugin powered by Ultimatelysocial